পলাশবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই আই আই এম গুৱাহাটীৰ নতুন শ্ৰেণী কোঠাৰ উদ্বোধন কৰে।
গুৱাহাটী, ভাৰত ২১ জুলাই ২০২৬ ALN: ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী সমষ্টিত কেইবাটাও অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও কাৰ্যসূচীৰ অংশস্বৰূপে আজি পলাশবাৰীৰ বঙৰাত প্ৰথমে আনুষ্ঠানিকভাৱে আই আই এম গুৱাহাটীৰ অস্থায়ী নতুন শ্ৰেণীকোঠাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই। এই আই আই এমৰ প্ৰথমটো বেষ্টৰ শুভ মুকলি কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই এয়া অসমৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে।
তেওঁ কয় অসম আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্ম প্ৰকাশ কৰিলে। আই আই এম গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজিনেচ এডমিনিষ্টেচন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। ঐতিহাসিক দিনটোত উপস্থিত কয় আই আই এমৰ গুৱাহাটীৰ আৰম্ভণি বৰ্ষৰ শিক্ষাৰ্থীৰ গোটটোক শুভ ইচ্ছা জনায়। তেওঁ কয় আজি আমাৰ ৰাজ্যখনৰ বাবে অতন্ত্য গৌৰৱৰ বিষয়। আজিৰ এই দিনটোতে আকৌ এখন ৰাষ্ট্ৰীয় পর্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্রকাশ কৰিলে।
ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট গুৱাহাটী মাষ্টাৰ অফ বিজনেচৰ এডমিনিষ্টেচন পাঠ্যক্ৰম আজিৰ দিনটোত শুভাৰম্ভণি কৰা হৈছে। এই ঐতিহাসিক দিনটোত মই উপস্থিত থাকিবলৈ পাই সচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো। আজিৰ এই দিনটোৱে অমস তথা উত্তৰপূৰ্বাঞ্চলৰ বাবে এক দির্ঘদিনীয়া প্রত্যাশা পূৰণ কৰিলে। এম.বি. পাঠ্যক্রম হোৱা আৰম্ভণীৰে আই.আই.এম গুৱাহাটীয়ে আজি ইন্ডিয়ান ইনস্ট্রটিটিউট অফ মেনেজমেণ্টৰ মৰ্যদ্যাপূর্ণ পৰিয়ালটোৰ গৌৰৱী সদস্য হ'বলৈ সক্ষম হৈছো। লগতে এই আৰম্ভণিয়ে নতুন প্ৰজন্মৰ বাবে এখন নতুন দুৱাৰ মকুলি কৰি দিলে।
আজিৰ এই দিনটোৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীক অসমবাসী ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমক ভাৰতবৰ্ষৰ শিক্ষাৰ এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰৰ যি প্ৰধানমন্ত্ৰীৰ আশা সেই আশা আজি আৰু এখোজ আগুৱাবলৈ সক্ষম হল।আই.আই.এম গুৱাহাটী আমাৰ বাবে এক ডাঙৰ সফলতা। ২০২২ চনৰ ২২ মে'ত মই প্ৰথমবাৰৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্ৰীলৈ এখন পত্র যোগে আই.আই.এম গুৱাহাটীত স্থাপন কৰাৰ বাবে অনুৰোধ কৰিছিলোঁ।
২০২৩ চনৰ ১৯ এপ্রিলত মই প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওঁকো গুৱাহাটী আই.আই.এম স্থাপন কৰাৰ বাবে বিনম্রতাৰে অনুৰোধ কৰিছিলোঁ। এবছৰৰ ভিতৰতে ২০২৪ চনৰ ১৪ এপ্রিল তাৰিখে অসমত আই.আই.এম স্থাপন কৰাৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্রলায়ৰ নীতিগত অনুমোদন জনায়। লগতে আই.আই.এমৰ বাবে নির্দিষ্ট ভূমি চিনাক্ত কৰাৰ লগে লগে ২০২৫ চনৰ আগষ্ট মাহত কেন্দ্রীয় কেবিনেটে অসমৰ বাবে এখন আই.আই.এম. স্থাপন কৰাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন দিয়ে। আই.আই.এম আহেমদাবাদত আৰু ইয়াত মেণ্টৰ শিক্ষানুষ্ঠান হিচাপে নিযুক্তি দিয়ে।
লগতে দেশৰ ২২ খন আই.আই.এমৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আই.আই.এম হিচাপে প্রধানমন্ত্রীয়ে কেন্দ্রীয় কেবিনেটত অনুমোদন জনায়। ২০১৪ চনলৈ আমাৰ দেশত মাত্র ১৩ খন ইন্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আছিল। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত আজি আমাৰ দেশত ২২ খন ইন্ডিয়ান ইনফ্টটিটিউট অফ মেনেজমেন্ট প্রতিষ্ঠা হয়। আৰু ২২ নম্বৰ শিক্ষানুষ্ঠান হিচাপে আজি গুৱাহাটীয়ে আত্মপ্রকাশ কৰে।
অসম চৰকাৰৰ শিক্ষামন্ত্রী আৰু লোকনির্মাণ বিভাগ, উচ্চ শিক্ষা বিভাগ সকলোকে ধন্যবাদ জনাই কয় যে- এই প্রতিষ্ঠানটোৰ বাবে প্রয়োজনীয় সাময়িক যিটো কেম্পাচ তাৰ বাবে পলাশবাৰী সমষ্টিৰ বঙৰাত এমন্ত্ৰণৰ ভূমিত অস্থায়ীভাৱে স্থাপন কৰাৰ বাবে আমাক অনুমতি দি এমন্ত্রণে আমাক বিশেষ সহযোগিতা আগবঢ়ায়। উচ্চ শিক্ষা বিভাগ, লোক নির্মাণ বিভাগ আৰু এমন্ত্রণক ধন্যবাদ জনাই কয় তেখেতসকলৰ সন্মিলিত প্রচেষ্টাত আজি আমাৰ সাময়িক চৌহদ আই.আই.এমত নির্মাণ হৈ উঠে আৰু আজিৰ পৰাই আনুষ্ঠানিকভাৱে ক্লাচ আৰম্ভ কৰাৰ বাবে সক্ষম হৈছো।
এই প্রতিষ্ঠানখনক এক বিশ্বমানৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলৰ বাবে পলাশবাৰী ৰাইজক আহ্বান জনায়। লগতে পলাশবাৰী ৰাজহ চক্ৰৰ মাৰাভিঠা আৰু দীঘলকুছি গাঁৱত এই প্রতিষ্ঠানখনৰ স্থায়ী চৌহদৰ বাবে ৫৭৪ বিঘা মাটি আৱণ্টন কৰা হৈছে আৰু সেই ভূমিৰ লগতে আন এখন আজিম প্রেমজি বিশ্বমানৰ বিশ্ববিদ্যালয় গঢ়ি উঠিব। অর্থাৎ পলাশবাৰী সমষ্টিত এক শিক্ষাৰ নতুন কেন্দ্ৰ হিচাপে দুখন আন্তষ:র্জাতিক মানদণ্ডৰ শিক্ষানুষ্ঠান নির্মাণ হৈ উঠিব।
আমি প্ৰচেষ্টা কৰিছো যে- এইমচৰ পিছত আমাৰ দেশত প্রধানমন্ত্রীয়ে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেন্ট আয়ুর্বেদিক স্থাপন কৰাৰ প্ৰচেষ্টা কৰিছে। তেনেখন অনুষ্ঠানানো যাতে অসমলৈ আনিব পাৰো তাৰ বাবে ইতিমধ্যে প্রচেষ্টা হাতত লৈছো। প্রধানমন্ত্ৰী যোৱা ১৪ ফেব্ৰুৱাৰীত আই.আই.এম গুৱাহাটীৰ এটা কাৰ্যকৰী শিক্ষা অনুষ্ঠানৰে আনুষ্ঠানিকভাৱে শিক্ষাবর্ষৰ উদ্বোধন কৰিছিল আৰু মাত্র পাঁচ মাহৰ ভিতৰত ৫২ গৰাকী শিক্ষার্থীৰে আজি আমি নিয়মীয়া এম.বি.এৰ প্ৰথমটো পাঠদান আৰম্ভ কৰিবলৈ সক্ষম হৈছো।
এই ৫২ গৰাকী ছাত্রী-ছাত্রী দেশৰ ১৮ খন ৰাজ্যৰ পৰা আহিছে আৰু ১৮ ৰাজ্যলৈ অসমৰ শিক্ষাৰ যি নৱজাগৰণৰ বাৰ্তা তেওঁলোকে কঢ়িয়াই লৈ যাব। পলাশবাৰী সমষ্টিৰ ৰাইজে তেওঁলোকক মৰম আদৰ, সহায়-সহযোগিতা কৰক যাতে অসমৰ সুনাম কোতো যাতে অকণমানো বিনষ্ট হ'বলৈ সুবিধা নাপায়। অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত এটা এটাকৈ ভাৰতবৰ্ষৰ সকলো ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানে আত্মপ্রকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান প্রতিষ্ঠান সন্দুৰ যাত্ৰা আৰম্ভ হৈছিল যেতিয়া আমাৰ ৰাজ্যত প্ৰথম বাৰৰ বাবে আই.আই.টি গুৱাহাটী স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
পৰৱৰ্তী সময়ত কাছাৰ আৰু তেজপুৰত কেন্দ্রীয় বিশ্ববিদ্যালয় হৈছিল। আৰু তিনিওখন শিক্ষানুষ্ঠান আগবাঢ়ি গৈছিল। ইয়াৰ পিছতে লাহে লাহে অসমত কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান আত্মপ্রকাশ কৰে। লগতে অসম এনেকুৱা এখন ৰাজ্য য'ত ভাৰতৰ প্ৰতিখন ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপন হৈছে। যি আমাৰ অসমৰ বাবে এক অত্যন্ত গৌৰৱৰ বিষয়। মই আশা কৰো আমাৰ ৰাজ্যত জ্ঞান আৰু প্ৰজ্ঞাৰ এক মন্দিৰত ৰূপান্তৰ কৰিব পাৰিম আৰু আমি এনেকৈয়ে অসমখনক আগুৱাই লৈ যাব পাৰিম। আই.আই.এম শিক্ষানুষ্ঠাৰ পাঠ্যক্ৰম শুভাৰম্ভণীৰ আগতে এমন্ত্রণে স্থাপন কৰা থ্রী ডি প্রিন্টিং টেকনলজি উদ্বোধন কৰিছিলো।
এই যিটো অত্যাধুনিক থ্রী ডি প্রিন্টিং টেকনোলজি স্থাপন কৰিছো তাৰ জৰিয়তে ৰিফাইনেৰীৰ বাবে প্রয়োজনীয় বিভিন্ন হার্ডৱেৰ, মেডিকেল বিশেষকৈ কেঞ্চাৰ চিকিৎসাৰ বাবে প্রয়োজনীয় বিভিন্ন হার্ডৱেৰ, ডাঙৰ মাইনিং কৰিবৰ বাবে প্রয়োজনীয় যি নক্সাৰ প্ৰয়োজন তাৰ উৎপদানকে ধৰি বিমানৰ বাবে প্রয়োজনীয় কম্পোনেন্ট এই থ্ৰী ডি প্ৰিন্টিংৰ ব্যৱস্থা হ'ব আৰু চাঁওতে চাঁওতে আমাৰ অসমৰ প্ৰযুক্তিত নতুন দিগন্তলৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছো।
লগতে সমষ্টিৰ বিধায়কৰ জড়িয়তে পলাশবাৰী ছাত্র-ছাত্রীসকলক মাজে মাজে আই.আই.আই.টি গুৱাহাটীলৈ লৈ আহিব লাগিব। এমন্ত্রণৰ থ্রী ডি প্ৰিন্টিং টেকনলজি আমি দেখুৱাব লাগে যাতে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে এই ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান বোৰত পঢ়িবলৈ সুবিধা পায়। এই ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান সমূহত ২০ শতাংশ চিট অসমৰ ছাত্র-ছাত্রীীয়ে পঢ়িবলৈ সুবিধা পায় কাৰণ আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এনেকুৱা ধৰণৰ অনুষ্ঠানত পঢ়োওৱাৰ বাবে যি এক উদ্দীপনা লাগে এই উদ্দীপনাৰ সৃষ্টিত আমি ব্যর্থ হৈ আছো। মই ভাবো আমি এনেকুৱা এটা দিনৰ বাবে কাম কৰিব লাগে যাতে এইমচ, আই.আই.এম, আই.আই.আই.টি এই অনুষ্ঠান বিলাকত অন্তত ৫০ শতাংশ ছাত্র-ছাত্রী আমাৰ ৰাজ্যখনৰ পৰা হ'ব পাৰে।
মই আশা কৰো তাৰ আমি এটা শিক্ষাৰ পৰিবেশ অসমত নির্মাণ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীয়ে আমাক ইমান ইনষ্টিটিউট দিছে। যি ভাৰতবৰ্ষক খুব কম ৰাজ্যত আছে। আমি ৰাজ্যত শিক্ষাৰ এনেকুৱা এটা পৰিবেশ গঢ়ি তুলিব লাগিব যে আমাৰ ৰাজ্যৰ ৫০ শতাংশ ছাত্র-ছাত্রী ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানত পঢ়িবলৈ সুবিধা পায় বুলি ভাষণ প্রসঙ্গত উল্লেখ কৰে। সভাৰ পূর্বে আহমেদাবাদৰ পৰিচালক ভাৰত ভাস্কৰে আদৰণী ভাষণ পাঠ কৰি কয় যে দেশত ২১ খন আই.আই.এম স্থাপত হোৱাৰ সময়ত পূৰ্বতে কোনো চৰকাৰে এনেধৰণৰ কেম্পাচ দিব পৰা নাছিল কিন্তু ২২ নম্বৰ আই.আই.এম গুৱাহাটীত আটক ধুনীয়াকৈ আই.আই.এম অস্থায়ী প্রতিষ্ঠা হোৱাত অসম চৰকাৰৰ শলাগ লয়।
To learn more about the latest developments in School Education, stay updated with our exclusive reports and analyses on AiLensNews.